খাওঁতে চুলি পায়নে? পালে কি কৰে?
Born and brought up in Guwhati, Rabin had published a…
ভাত খাওঁতে চুলি পোৱাৰ ৰসাল কাহিনী – স্কুলৰ দিনৰ মজাদাৰ ঘটনা, ঘৰুৱা অভিজ্ঞতা আৰু চুলি পোৱাৰ আশ্চৰ্যজনক প্ৰতিক্ৰিয়া।
মানুহে ভাত খাওঁতে কেতিয়াবা দীঘল চুলি পায়৷ ভোকৰ ভাতসাঁজত দীঘল চুলি এডালে বৰ পয়মাল লগাই নহয়নে? সেই খোৱা খাদ্যত চুলিৰ ৰসাল কথা কেইটামান আপোনালোকলৈ আগ বঢ়ালোঁ৷ পঢ়ুৱৈসকলৰো যদি চুলি পোৱা ৰসাল কথা মনলৈ আহে মন্তব্যত আগ বঢ়ালে আমিবোৰো আনন্দিত হ’ম৷
আমি তেতিয়া নৱম শ্ৰেণীত পঢ়ি আছিলোঁ৷ স্কুলৰ কাষতে মিলন ৰেষ্টুৰেণ্ট নামৰ এখন চাহৰ দোকান আছিল৷ দুপৰীয়াৰ ছুটীৰ সময়ত দোকানখনত গৰম গৰম আমৃত্তি আৰু চিঙাৰা এপাচি এপাচি ভাজি আমি দেখাকৈ চুলাটোৰ ওপৰতে থৈ দিয়ে৷ দেখিলেই লোভ লগা আমৃত্তি আৰু চিঙাৰা দুয়োটাৰ দাম তেতিয়া চাৰি অনা৷ সেই দিনত মই চাৰি অনা পাইছিলোঁ স্কুললৈ যোৱাৰ সময়ত৷ চাহৰ দোকানত কিবা এটা খাই চাহ খোৱাৰ কথাটো আমাৰ মাজত প্ৰচলন নাছিল৷ চিঙাৰা আৰু আমৃত্তি খাই দুগিলাছমান পানী খালেই পেট ভৰি গৈছিল৷
এদিনৰ কথা, উক্ত চাহৰ দোকানখনত চাৰিজন মানুহে বহি খাব পৰা চাৰিখন মান চকি-টেবুল আৰু দহজনে বহি খাব পৰা চকি-বেঞ্চ দুখনমান আছিল৷ সেইদিনা আমি চাৰিজনীয়াখনত বহিবলৈ ঠাই নাপায় দহজনে বহিবপৰা খনতে বহি চিঙাৰা আৰু আমৃত্তিৰ ‘অৰ্দাৰ’ দিলোঁ৷ আমি বহাৰ কাষতে দুজন অচিনাকি ব্যক্তি বহি হাতেৰে এৰুৱাই চিঙাৰা খাই আছিল৷ আমাৰ চিঙাৰা আৰু আমৃত্তি আহিল, আমিও খাবলৈ ল’লোঁ৷ তেনেকুৱাতে আমাৰ কাষতে বহি থকা এজনৰ চিঙাৰাটোত তেওঁ এডাল সৰু চুলি দেখিবলৈ পালে৷ লগেলগে বিলনিয়া ল’ৰাটোক ওচৰলৈ মাতি আনি চুলিডাল দেখুৱাই দিলে৷ ল’ৰাজনে সাউৎকৈ আধাখোৱা চিঙাৰাটো প্লেটেৰে সৈতে লৈ গৈ আন এটা চিঙাৰা আনি দিলে৷ আমিবোৰে ঘটনাটো চাই ইটোৱে সিটোৰ চকুলৈ চাই বৰ তৃপ্তি পালোঁ৷ আমাৰ মাজৰ এটাই সেই বুদ্ধিটো লগেলগে কামত লগালে৷ তাৰ চিঙাৰা খোৱা ইতিমধ্যে শেষ হৈছে যেতিয়া আমৃত্তিটো খাই প্ৰায় হৈছিলেই তেনেকুৱাতে সি মোৰ চুলি এডাল এপাকত চিঙি সেই আমৃত্তিটোত লগাই লৈ বিলনিয়াটোক মাতি প্লেটত থকা আমৃত্তিটোত লাগি থকা চুলিডাল দেখুৱাই দিলে৷ আন এটা আমৃত্তি লগে লগে আহিল৷ পৰম তৃপ্তিৰে সি প্ৰায় দুটা আমৃত্তি খাবলৈ পালে দেখি শিকা বুদ্ধিৰ বলত, নহয়নে? পিছলৈ লগৰ দুই-এজনে এনে বুদ্ধিৰ বলত দুটা নোখোৱাকৈ থকা নাই দেই ৷ মই কিন্তু এনে কৰিব নোৱাৰিলোঁ, সত নগ’ল৷
এবাৰ মোৰ পত্নীক লগত লৈ চুবুৰীৰে এঘৰত মনসা পূজা এভাগলৈ গৈছিলোঁ৷ প্ৰসাদৰ খিচিৰীৰ প্লেটখনৰপৰা পত্নীয়ে প্ৰথম গৰাহ মুখত দিওঁতেই গম পালে দীঘল চুলি এডাল তেওঁৰ ওঁঠত লাগি ধৰিলে৷ অক অক কৰি মুখৰ ভিতৰত থকা গোটেইখিনি উলিয়াই প্লেটখন টেবুলতে থৈ তেওঁ বহাৰপৰা উঠি দিলে৷ গৃহস্থৰ এগৰাকী মহিলাই এওঁৰ লগত হোৱা ঘটনাটো দেখি বৰ বিৰক্ত হৈ সুধিলে― ‘মেডাম, আৰু এখন প্লেট লৈ আহোঁ, আপুনি উঠিব নালাগে৷’ এওঁ ক’লে, ‘মোৰ হৈ গৈছে, আৰু নালাগে আনিব৷’ গৃহস্থৰ লগতে মোৰো অশান্তি হ’ল সেইদিনা৷
স্কুলত পঢ়ি থকা দিনৰপৰা আমাৰ দেউতাই ভাত খাই থাকিলে মই লগত নাখাওঁ, কিয়নো দেউতাই ভাত খাওঁতে সাৰোপ, সাৰোপ শব্দ কৰি ভাত খায়৷ খাওঁতে হোৱা এই শব্দটো শুনি মই ভাত নাখাওঁ আৰু দেউতাই খাই উঠি গ’লেহে বহোঁ খাবলৈ৷ দেউতা ভাত খাই উঠি গৈছে নে নাই চাই থাকোঁতে এপাকত দেখিলোঁ দেউতাই ভাতৰ গৰাহ মুখত দিওঁতে এডাল দীঘল চুলি পালে৷ গোটেই গৰাহটো মুখৰপৰা অক অক শব্দকৈ উলিয়াই কাঁহিখনৰ কাষতে থৈ মালৈ চালে আৰু দুবাৰমান মাক খং কৰিয়ে নে জোকাবলৈকে অক অক কৰি থাকিল৷ মাৰ মুখলৈ চাব নোৱৰা অৱস্থা, একেবাৰে গহীন হৈ কাঁহিৰ কাষৰ দেউতাই অকলিয়াই পেলোৱা ভাতখিনি কাপোৰ এখনেৰে চাফা কৰি তেওঁ পতিদেৱৰ ধৰ্ম পালন কৰিলে৷ দেউতাই ভাত খাওঁতে চুলি পাই যিখিনি কৰিলে, আৰু মাৰ সেই ভয়াৰ্ত মুখখনৰ কথা মোৰ আজিও মনত আছে৷
মই তেতিয়াও বিয়া কৰোৱা নাই৷ মই আৰু মা আছোঁ ঘৰত৷ মোক মায়ে ভাত বাঢ়ি দি ক’লে, ‘ভাত দিছোঁ খা৷’ মই ভাত খাই থাকোতে পালোঁ নহয় এডাল দীঘল চুলি, চুলিডাল মুখৰপৰা টানি উলিয়াই আনি কাষতে থকা মাক দেখুৱাই অক অক শব্দ কৰি মাক জোকাবলৈ বুলি মাৰ মুখলৈ চালোঁ৷ সেইদিনা মাৰ মুখখনৰ কি যে অৱস্থা, নাকৰ পাহি দুটা খং আৰু খোভত এই ফুলিছে এই জাপ খাইছে৷ মানুহগৰাকীৰ মাত নোলাৱাকৈ মৃদু কঁপনি হৈছে৷ এইমাত্ৰ যেন কান্দি দিব, মোৰ ভয়ো লাগিল; মই ধেমালিহে কৰিছিলোঁ, কিন্তু মাৰ খং মাৰ নগ’ল, ক’লে― ‘‘মোৰ চুলিডালকে ইমান ঘিণ কৰ, বিয়া কৰা বাছা, ঘৈণীয়েৰে আঁজুৰি আঁজুৰি চিঙি দিলেও টকালি টকালি খাবি৷’’ আজিও মই ভাতত চুলি পালে প্ৰথমে চাওঁ মোৰ মোছ নে চুলি, শকত, নোদোকা বগা চুলি হ’লে মোৰ মোছ আৰু ক’লা দীঘল চুলি হ’লে এওঁৰ বা কামৰ মহিলাৰ৷ একেবাৰে ঘিণ নকৰোঁ মনে মনে চুলিডাল টানি উলিয়াই কাকো একো নোকোৱাকৈ নিৰৱে চোবাই থাকোঁ৷
বাল্যবন্ধুৰ ঘৰত ভাতৰ নিমন্ত্ৰণ পাই আমি দুয়ো গ’লোঁ৷ বিভিন্ন ব্যঞ্জনেৰে আপ্যায়ন কৰিছে৷ বন্ধু আৰু বন্ধু পত্নীৰ সন্মুখত আমি দুয়ো৷ এফালৰপৰা খাই আছোঁ, মাছে, মঙহে৷ মই আকৌ চামুচেৰেহে ভাত খাওঁ, কাৰণ মোৰ একোছা দীঘল মোছ আছে আৰু এনেকুৱা মোছ থকা মানুহে হাতেৰে ভাত খালে দাৰিয়ে-গোফে ভাত লাগি যাব আৰু দেখোঁতাই ঘিণ কৰিব বুলিয়ে মই চামুচেৰে খাওঁ দেই, চাহাবৰ বংশৰ মানুহ বুলি নাভাবিব আকৌ৷ টেবুলত চালাড্, আৰু সৰু বেঙেনাৰ সৰু সৰুকৈ বেচনত লেটিয়াই ৰঙচুৱাকৈ ভাজি থৈছে৷ একোবত মই হাতেৰে বেঙেনা এচকল দাঙি আনিবলৈ লওঁতে প্ৰায় গোটেইখিনি বেঙেনা ভাজি আহিব যেন পালোঁ৷ চাই দেখোঁ চুলি এডালে গোটেইখিনি আৱৰি আছে৷ কোনেও নেদেখাকৈ চুলি ডাল প্লেটখনতে কোনোমতে এৰুৱাই পৃথক কৰি চুলিডাল মাটিত পেলাই দি সকলোৱে খাব পৰা কৰি নিজেও দুচকলমান তাৰপৰা খালোঁ৷ মই চুলিডাল পাওঁতেই মাৰ সেই উচুপিবলৈ ধৰা মুখখনৰ কথা মনত পৰিল যে!
কাহিনীটো কাষতে পোৱা জোনাব এজনক পঢ়ি শুনালোঁ, তেখেতে ক’লে― ‘‘আমাৰ মতে খাওঁতে চুলি পালে ভবা কথা সিদ্ধি হয়৷’’
What's Your Reaction?
Born and brought up in Guwhati, Rabin had published a monthly Cartoon and Humour magazine (Abikal) for a long time. In 2006, November he started publishing various books of eminent writers and also wrote 2 books by the name 'Enekuwao Hoi', 'Enekuwao Hoi part 2’ Few of his stories are displayed also in Facebook groups― 'Granth Subash', 'Anuranan___' etc.
