ভোক নালাগে, চাহাব – ড্ৰাগ্ছ অপব্যৱহাৰৰ কাহিনী



Born and brought up in Guwhati, Rabin had published a…
এই বৰ্ণনাত দিল্লীৰ পৰা গুৱাহাটীলৈ ৰেল যাত্ৰাৰ কথা বৰ্ণনা কৰা হৈছে, য’ত লেখকে অসমত ‘ৰেল বন্ধ’ৰ বাবে বন্ধৰ সময়ত এক অনন্য পৰিস্থিতিৰ সন্মুখীন হয়। আম বিক্ৰী কৰা দৰিদ্ৰ শিশুসকলৰ সৈতে হোৱা এক মাৰ্মিক সাক্ষাৎ আৰু নিচাযুক্ত/ ড্ৰাগ্ছ দ্ৰব্যৰ অপব্যৱহাৰ, বিশেষকৈ ‘ আঠা‘ৰ অপব্যৱহাৰৰ সৈতে জড়িত তেওঁলোকৰ ভয়ংকৰ পৰিস্থিতিৰ প্ৰকাশলৈ কেন্দ্ৰীভূত হৈছে।
৩০ বছৰৰ আগৰ কথা। স্কুলত পঢ়ি থকা মোৰ সৰু ছোৱালী দুজনী আৰু পৰিবাৰৰ লগত দিল্লীৰপৰা গুৱাহাটীলৈ ৰেলেৰে আহি আছোঁ৷ আমাৰ দবাটোত যিফালে চাওঁ সেইফালে অসমীয়া মাত-কথাহে বেচিকৈ শুনিবলৈ পাওঁ ; আধাতকৈও বেচি অসমীয়া যাত্ৰীৰে ভৰি আছে৷ অসমৰ বাহিৰলৈ গ’লে অসমীয়া মাত শুনি বৰ ভাল লাগে৷ ঘৰলৈ আহিব বুলি ছোৱালীহঁতৰ ফুৰ্তিও চাবলগীয়া হৈছে৷ আহি-আহি বিহাৰ প্ৰদেশ সোমালোহি আৰু একেবাৰে সৰু ষ্টেচন এটাত ৰেলখন ৰৈ গ’ল৷ আমি ভাবি আছোঁ, এই সৰু ষ্টেচনটোত আমাৰ ৰেলখন বৰ বেছি দহ মিনিটমান ৰ’ব বোধহয়, কিন্তু নহয় ; শুনিবলৈ পালোঁ, ইয়াতে চাৰি ঘণ্টামান ৰৈ থাকিব লাগিব বোলে৷ কাৰণ, অসমত ‘ৰেল বন্ধ’ কাৰ্যসূচী চলি আছে আৰু সেই আন্দোলনত ৰেলৰ যাত্ৰীসকল আন্দোলনকাৰীৰ শিলৰ আঘাটত যিকোনো বিপদৰ সন্মুখীন হ’ব পাৰে বাবে এই বিলম্ব আমি নিৰ্বিবাদে সহ্য কৰিব লাগিব৷ পলম হওক কিন্তু দুৰ্গতি নহওক বুলি সকলোৱে সেই ষ্টেচনটোতে ৰৈ থাকিবলগীয়া হ’ল৷
পোন্ধৰ মিনিটমান পিছত এওঁ মোক ক’লে― ‘‘যোৱাঁ, কিবা খোৱাৰ ব্যৱস্থা কৰা, আৰু বা কিমান সময় ৰৈ থাকিব লাগে!’’
মই ৰেলৰপৰা নামি প্লেটফৰ্মত থকা একমাত্ৰ দোকানখনলৈ গৈ দেখিলোঁ সেইখনত একো এটা খাবলৈ নাই, সকলো ইতিমধ্যে শেষ হৈছে। মই ষ্টেচনৰ বাহিৰলৈ গৈ কি পাওঁ লৈ আনো বুলি ওলাই গ’লোঁ৷ মোলৈ চাই থকা পৰিবাৰলৈ এবাৰ চালোঁ। তেওঁ খিৰিকীৰে বাহিৰৰ উদং প্লেটফৰ্মটোলৈ চাই আছে৷ ময়ো দেখিলোঁ, সেইখিনিত প্লেটফৰ্মটোৰ ওপৰৰ ফালে খোলা, তাত আছে মধ্যম আকাৰৰ দুডাল আমৰ গছ আৰু গছৰ তলত গোলকৈ মানুহ বহিব পৰাকৈ পকী কৰা আছে৷ সেই বহা ঠাইতে সৰু-সৰু ল’ৰা তিনিটা আৰু এজনী অলপ ওখ ছোৱালী একেলগে বহি আছে৷ পিন্ধনত ছোৱালীজনীয়ে এটা পুৰণি ফ্ৰক তাকো কঁকালৰ ফালে অলপ ফটা৷ ল’ৰাহঁতৰ তিনিটাই কেৱল পুৰণি হাফপেণ্ট আৰু উদং গা৷ এটাই এটা গেঞ্জী পিন্ধিছে যদিও বেছিভাগ ফটা, মানে আমাৰ ভাষাত সেই গেঞ্জীটো ফটাকানি হিচাপেও ব্যৱহাৰ কৰিব নোৱাৰি, কিন্তু সি পিন্ধি আছে৷ সিহঁত যে অত্যন্ত দুখীয়া সেইটো অনায়াসে বুজিব পাৰি৷ আৰু আটাইতকৈ আচৰিত কথাটো হ’ল প্ৰত্যেকৰ হাততে একোখন মলিয়ন ফটাকানি যিখনক সিহঁতৰ ভাষাত ৰুমাল বুলিও ক’ব পাৰি৷
ইফালে আমাৰ দবাটোৰ দুজনমানে আম গছত ওলমি থকা কেঁচা আম পাৰিবলৈ ফৰ্মূটি-শিল আদিৰে দুটামান আম পাৰিব পাৰিলে৷ সেই আম পাৰিবলৈ যত্ন কৰি থকা মানুহখিনিক এই ছোৱালীজনীয়ে লগতে থকা ল’ৰা তিনিটাক কিবা এটা ক’লে৷ ল’ৰা তিনিটাই নিমিষতে ছোৱালীজনীৰ হাতত আনি দিলেহি প্ৰায় আঠ-দহটামান কেঁচা আম৷ আমখিনি লৈ ছোৱালীজনীয়ে দবাটোৰ কাষলৈ গৈ অসমীয়া মানুহখিনিক বেচিব খুজিলে আৰু অসমীয়া মানুহ এজনে কিনি ল’লে সেই আমখিনি৷
ব্ৰেড, জেম, সিজোৱা কণী আৰু বিস্কুটৰ কেইটামান পেকেটৰ সৈতে মই আহি ৰেলত উঠিলোঁ৷ ছোৱালীহঁতক খোৱাখিনি সজাই দিলোঁ আৰু সেই ছোৱালীজনীয়ে তাইৰ লগৰ ল’ৰাহঁতৰ দ্বাৰা আম পাৰি বেচি দিয়াৰ কথাটো এওঁ মোক ক’লে৷ নিমখ-জলকীয়া সনা আমৰ ভাগ এটা আমাৰ ভাগতো পৰিছে। সৰু আম এটুকুৰা মুখত দি গম পালোঁ বৰ টেঙা, চকু মুদি দিছোঁ চোবাওঁতে। মই সাউটকৈ বহাৰপৰা উঠি আমৰ তললৈ গৈ সেই ল’ৰাহঁতৰ লগত বহি ল’লোঁ৷ মই বহি দিয়াৰ লগে লগে ছোৱালীজনী ঠিয় হৈ দিলে৷ মই ছোৱালীজনীৰ লগত কথা পাতিবলৈ আৰম্ভ কৰাৰ আগতে টকা বিছটা তাইক দিলোঁ৷ তাই মোৰ কথাৰ উত্তৰ দিবলৈ ধৰিলে। ছোৱালীজনীয়ে কথাৰ অন্তত ফ্ৰকটো ডাঙি তলৰ পকেট নথকা হাফপেণ্টটোত খুচি লোৱা পেকেটটো মোক দেখুৱাই দিলে৷ মই ছোৱালীজনীৰ লগত কথা পাতি থকা, ফ্ৰক ডাঙি তলৰ পেণ্টটো দেখুওৱা আদি কাৰ্য দেখি পৰিবাৰে মোক ওচৰলৈ মাতি সুধিলে―
ঃ হেৰা, কি কথা পাতিলাহে সিহঁতৰ লগত?
ঃ আম বেচি কিমান টকা পালে সুধিলোঁ৷
ঃ কিমান পালে?
ঃ ত্ৰিছ টকা৷
ঃ ত্ৰিছ টকাৰে সিহঁত চাৰিটাই কি কি খালে?
ঃ হেৰা, বৰ দুখ লাগিল জানা ! মই সিহঁতক কৈছিলোঁ যে ত্ৰিছ টকাৰে বুট ভজা খালে পেট ভৰি গ’লহেঁতেন কিন্তু সিহঁতে সেই ত্ৰিছ টকাৰে একো নাখালে এটা ‘আঠা’ৰ টিউব কিনি লুকুৱাই থোৱা ঠাইত, মানে ফ্ৰক ডাঙি মোক দেখুৱাই দিলে৷ মই সুধিলোঁ এইটো খালে কি হ’ব, পেট ভৰিবনে? সিহঁতে ক’লে, ‘‘এইটো খালে ‘‘ভুখ নহী লগতি, চাহাব৷’’ তাইৰ এষাৰ কথাতে মই বহু কথাই উপলব্ধি কৰিব পাৰিলোঁ৷ উঠি আহিলোঁ সেই ঠাইৰপৰা৷
ইমানে দৰিদ্ৰ, খাবলৈ নাই ভাত অথচ আঠা সেৱন কৰিয়ে দিনটো পাৰ কৰে৷ অলপ পিছতে দেখিলোঁ গছজোপাৰ আঁৰত ছোৱালীজনীয়ে প্ৰত্যেকটো ল’ৰাক সিহঁতে হাতত লৈ থকা ৰুমালখনতে কিবা দি আছে আৰু সেই ৰুমালখন ল’ৰাহঁতে বৰ হেঁপাহত মুখত লৈ দীঘল দীঘল উশাহ লৈ কিৰিলী পাৰি হাঁহিছে৷
বৰ্তমান ভাৰততে নহয় সমগ্ৰ বিশ্বতে ড্ৰাগ্ছ ৰ ভয়াবহতাই বিশেষ স্থান পাইছে৷ আমাৰ দেশত নিতৌ কোটি টকাৰ ড্ৰাগ্ছ ধৰা পৰিছে, জ্বলাই দিছে কিন্তু নিৰ্মূল কৰিব পৰা নাই৷ টিভিত দেখিলোঁ পাঞ্জাৱৰ এখন ঠাইত প্ৰায় ঘৰতে এজন নহয় এজন ড্ৰাগছ্ আসক্তৰ মৃত্যু হৈছে৷ মহিলাও ড্ৰাগ্ছৰ কবলত পৰি বাটতে পৰি থকা দেখিবলৈ পাইছোঁ৷ আজিকালি অসমতো বৰকৈ শিপাইছে এনেবোৰ ঘটনা৷ ড্ৰাগছ্ আসক্ত এজনে পুলিচক ব্লেডেৰে কাটি দিয়া, মাক-দেউতাকক আক্ৰমণ কৰা এনেকুৱা আৰু হাজাৰটা আসক্তৰ অত্যাচাৰ মাক-দেউতাকে সহ্য কৰি থাকিবলগা হৈ আছে৷ মোৰ চিনাকী এজনৰ ঘৰত এটা ল’ৰাই এদিন শুলে তিনি দিনলৈ সাৰ নাপায় অথচ পুতেকে যে ড্ৰাগ্ছ খাই সেই কথাটো নিজৰ মাকে কাকো জানিবলৈ নিদিয়ে ; লুকুৱাই থয় ইমান গম্ভীৰ কথাটো আৰু এদিন এই ল’ৰাটোৱে চিৰদিনলৈ চকু মুদিলে৷ এঘৰৰ মাকে মোক কয় যে মোৰ ল’ৰাই দিনত ঘৰৰপৰা ওলাব নোৱাৰে ; প্ৰখৰ ৰ’দত ল’ৰাটোৱে চকু মেলিব নোৱাৰে, নিশাহে ঘৰৰপৰা ওলাই৷ বৰ্তমান ল’ৰা শয্যাগত আৰু অলপ সময়ৰ পিছে পিছে উচপ খাই জিকাৰ খাই উঠে৷ এইবোৰ কেনেকুৱা মাক যি নিজৰ ল’ৰাৰ গতিবিধি সৰুৰে পৰা লক্ষ্য নকৰি আনৰ কথাতহে বেছি গুৰুত্ব দিয়ে আৰু নিজে অনবৰত প্ৰসাধনত ব্যস্ত হৈ থাকে৷ ডাক্তৰ বা চিকিৎসালয়লৈ পুত্ৰক নিবলৈকো বৰ লাজ কৰে কাৰণ ডাক্তৰে সুধিব যে― ‘ল’ৰাই ড্ৰাগ্ছ লয় নেকি?’ এজন ল’ৰাই অনবৰতে বাওঁহাতত ৰুমাল এখন মেৰিয়াই লৈ থকা কথাটো মোক এজনে এদিন দেখুৱাই দিলে৷ ল’ৰাজনক ওচৰলৈ মাতি ৰুমালখন আঁতৰাই দেখিলোঁ তাৰ বাওঁহাতৰ মধ্যমা আঙুলিৰ গাঁঠিৰ ওচৰতে এটা নুশুকুৱা ঘাঁ এটুকুৰা আছে৷ আৰু এই ঘাঁটোৰ খোলা মুখখনেৰে বোলে দিনৰ ঠিক বাৰ বজাত বেজী সুমুৱাই ড্ৰাগ্ছ ল’ব লাগে নহ’লে বোলে ল’ৰাটো কঁপি কঁপি পৰি যায়৷ এই মাকবোৰে অন্তৰত কি যে দুখৰ বোজা এটা কঢ়িয়াই লৈ ফুৰিছে ভাবিলেই বৰ বেয়া লাগে৷
চৰকাৰে এতিয়া পদক্ষেপ লোৱা দৃষ্টিগোচৰ হৈছে, বহুতকে ধৰিছে, কৌটি টকাৰ ড্ৰাগছ্ জ্বলাই দিছে কিন্তু নিৰ্মূল হ’বগৈনে?
What's Your Reaction?

Born and brought up in Guwhati, Rabin had published a monthly Cartoon and Humour magazine (Abikal) for a long time. In 2006, November he started publishing various books of eminent writers and also wrote 2 books by the name 'Enekuwao Hoi', 'Enekuwao Hoi part 2’ Few of his stories are displayed also in Facebook groups― 'Granth Subash', 'Anuranan___' etc.