Now Reading
ৰমেশৰ জীয়েকৰ বিয়া

ৰমেশৰ জীয়েকৰ বিয়া

Avatar photo
জীয়েকৰ বিয়াৰ Gift

এক স্পৰ্শকাতৰ কাহিনীয়ে বিবাহৰ বিষয়ে কয় আৰু যৌতুকৰ পৰিৱৰ্তে নিজৰ কৰ্মস্থান ত্যাগ কৰিলে তেওঁৰ জামাইৰ বাবে পিতৃৰ ত্যাগ দেখুৱায়।

ৰমেশৰ জীয়েকৰ বিয়া  অৱশেষত ঘটিল। কিন্তু তাৰ আগতে কি ঘটিছিল…

চাৰিআলিটোৰ দক্ষিণপাৰে বিজুলী বিভাগৰ লোহাৰ খুটা আৰু কৃষ্ণচূড়া গছজোপাৰ মাজত চাৰিফুটমান খালী হৈ থকা ঠাইতে ৰমেশে মাটিতে দুখন মৰাপাটৰ থৈলা পাৰি দিনৰ দিনটো বহি থাকে৷ এনেয়ে বহি নাথাকে ; সন্মুখত লোহাৰ ত্ৰিপদী নিয়াৰিটো লৈ বাটেৰে অহা-যোৱা কৰি থকা মানুহবোৰৰ জোতা-ছেণ্ডেল মেৰামতি কৰি ৰঙ-চঙ সানি চিক্‌চিকিয়া কৰালৈকে তেওঁৰ কাম৷ প্ৰখৰ ৰ’দ-বৰষুণৰপৰা ৰক্ষা পাবলৈ বেটৰ নালৰ ক’লা ছাতি এটা ৰমেশৰ পিছফালে নিগাজীকৈ পুতি লোৱা খুটা এটাত বান্ধি থোৱাৰ ব্যৱস্থা কৰি লৈছে৷ দিনৰ পিছত বছৰ বাগৰি গৈ আছে৷ দুটকা লৈ জোতা ‘প’লিশ্ব’ কৰি দিয়া ৰমেশৰ নিৰিখ যেতিয়ালৈ দহ টকা হ’ল তেতিয়া তেওঁৰ চুলি আধামান পকিবলৈ লৈছে৷ মই সেইফালে খোজ কাঢ়ি অহাযোৱা কৰোঁতে কেতিয়াবা জোতাযোৰ প’লিশ্ব কৰাবলৈ ৰমেশৰ ওচৰ পালে পুৰণি মুঢ়া এটা গ্ৰাহকৰ ফালে আগুৱাই দি বহিবলৈ কয় আৰু পিন্ধিবলৈ পুৰণি ছামৰাৰ চেণ্ডেল এযোৰ পিন্ধবলৈ দিয়ে৷ সেইযোৰ পিন্ধি তেওঁৰ সন্মুখতে বহি ময়ো ওচৰৰ বাসিন্দা বুলি মাজেমাজে কথাৰ মহলা মাৰোঁ৷

সেইদিনা ৰমেশে একান্তমনে তলমূৰকৈ কাৰোবাৰ জোতা চিলাই কৰি থকা অৱস্থাত মই গৈ মুঢ়াটো নিজে আনি বহি লৈ সুধিলোঁ― ‘‘ইমান মন মাৰি আছাযে, কথাটো কি?’’ আত্মীয় এজনৰ দৰে মই তেওঁক অন্তৰৰ কথাখিনি ক’বলৈ ক’লোঁ৷

কথোপকথনৰ পাছৰ সাৰমৰ্মখিনি এনেকুৱা― ৰমেশৰ প্ৰথম ছোৱালী এজনী আৰু ল’ৰা দুটা সৰু৷ ছোৱালীজনী মাকৰ দৰে বগা আৰু ধুনীয়া৷ তিনিওটা স্কুললৈ অহাযোৱা কৰিছিল যদিও এটাৰো বিশেষ পঢ়াশুনা নহ’ল৷ গুৱাহাটীৰ ভাৰা ঘৰত থাকি এই বৃত্তিৰে ঘৰ এখন পোহপাল দি বৰ্তি থকাটো বৰ সহজ কথা নহয় ; গতিকে ৰমেশৰ ঘৈণীয়েকেও ওচৰতে থকা মাৰোৱাৰি সম্প্ৰদায়ৰ দুই-এঘৰত বাচন ধোৱা, ঘৰ মচা আদি কাম কৰিবলৈ লয়৷ মাকে আৰ্জিবলৈ আৰম্ভ কৰাৰপৰা ঘৰখনলৈ নতুনকৈ পোহৰ হোৱাৰ দৰে হ’ল৷ ল’ৰা-ছোৱালীৰ শৰীৰত নতুন-নতুন কাপোৰে সিহঁতক শুৱনি কৰিলে৷ সময় বাগৰাৰ লগেলগে মাকক মাত্ৰ এটা চিন্তাই আগুৰি ধৰিছে আৰু সেইটো হ’ল― জীয়েকৰ বিয়া দিয়াৰ কথাটো৷ ছোৱালীৰ ওঠৰ বছৰ হ’লেই যেতিয়া সোনকালে ভাল জোঁৱাই এজনক গতাব পাৰিলেই গংগাত গা ধুবলৈ যাব পাৰে৷ ল’ৰা দুটা ডাঙৰ হ’লে নিজে কাম বিচাৰি ল’ব বা যি কৰে কৰিব, সেইটো মাক-দেউতাকহালে সমূলি চিন্তা কৰা নাই, কিন্তু জীয়েকৰ বিয়া দিব লাগিব ; তাইতো নিজে বিয়া হৈ যাব নোৱাৰে৷ আৰু ৰমেশ বিহাৰৰ বাবে সেই ঠাইৰ পৰম্পৰা অনুযায়ী ছোৱালীৰ লগত যৌতুক হিচাপে নগদ টকা, সোণৰ গহনা, কাপোৰ, মটৰ-চাইকেল, টিভি আদিৰ দৰে দামী দামী বস্তু দিলেহে কোনোবা দৰা ওলাব৷ আৰু সেইবোৰ দিবলৈ ৰমেশ একেবাৰে অপাৰগ বাবে মন মাৰি একান্ত মনে কাম কৰি আছে৷

কিছু সময় মই নীৰৱে ৰমেশৰ মুখলৈ চাই থাকি মই মোৰ কথা আৰম্ভ কৰিলোঁ― ‘‘চোৱাঁ ৰমেশ, তোমাৰ এই দোকানখনৰপৰা মাহে কমেও পোন্ধৰ হাজাৰমান টকা আয় হয় বুলি তুমিয়ে মোক এদিন কৈছিলা৷ মোৰ মনলৈ কথা এটা আহিছে যদি তুমি ভাল বুলি ভাবাঁ, চেষ্টা এটা কৰি চাব পাৰা ; ভগৱানৰ সুদৃষ্টি থাকিলে ভালেই হ’ব৷

ৰমেশে বৰ আগ্ৰহেৰে মোক সুধিলে― ‘‘কি কথা কওক, ভাল কথা যদি মোৰ চেষ্টা কৰাত আপত্তি নাই, বাকী ‘ৰামজীৰ মৰ্জি’।’’

মই ক’লোঁ― ‘‘চোৱাঁ ভাই, তুমি ছোৱালী বিয়া দিবলৈ গুৱাহাটীত দৰা পোৱা সহজ নহ’ব, গতিকে তুমি তোমালোকৰ বিহাৰৰ গাঁৱলৈ গৈ তোমালোকৰ সম্প্ৰদায়ৰে একেবাৰে দুখীয়া শান্ত-শিষ্ট ল’ৰা এজনৰ বিচাৰ কৰা৷ এই কামটো তোমাৰ বংশৰ মানুহবোৰৰ লগত কথা পাতিবা আৰু স্পষ্টকৈ কৈ দিবা যে ছোৱালীৰ লগত প্ৰয়োজনীয় দুই-এপদ বস্তুহে দিব পাৰিম, কিন্তু যৌতুক মই দিব নোৱাৰোঁ৷ যৌতুক দিব নোৱাৰিলেও মই গুৱাহাটীৰ যিখিনি ঠাইত মোৰ দোকানখন আছে সেইখিনি ঠাই মই মোৰ জোৱাঁইক দিম৷ আৰু ভালকৈ বুজাই দিবা যে যৌতুকৰ ধন-সোণ আদি দিলেও ভালকৈ ৰাখিব নাজানিলে বা সদব্যৱহাৰ কৰিব নোৱাৰিলে সকলো শেষ হৈ যাব, কিন্তু এই ঠাইখিনি সদায় থাকিব৷ আৰু এই ঠাইখিনিৰ পৰা আৰ্জিত ধনেৰে আমি বিছ বছৰে খাই-বৈ আছোঁ৷ আৰু কোনোবাই হয়তো সুধিব পাৰে যে তুমি তোমাৰ ঠাইখিনি এৰি দিলে তুমি ক’লৈ যাবা? তেতিয়া ক’বা যে ছোৱালীক সু-পাত্ৰত বিয়া দিব পৰাটোৱেই মোৰ পৰম ভাগ্য আৰু কেইদিনমান একেবাৰে প্ৰথমতে কৰাৰ দৰে ঘূৰি-ফুৰি আয় কৰিম আৰু আন এটা ঠাই বিচাৰি উলিয়াই ল’ম৷’’

ৰমেশে মোৰ কথাখিনি মনদি শুনিলে যদিও একো উত্তৰ নিদিলে আৰু ভাৱত বিভোৰ হৈ কিবা ভাৱিবলৈ ধৰিলে৷ সেই ছেগতে ময়ো ঘৰলৈ যাওঁ বুলি ঘৰমুৱা হ’লোঁ৷

See Also
waiting for he dinner to be served on a christmas eve

এসপ্তাহৰ পিছত ৰমেশ বহা ঠাইত তাৰ ককায়েকে বহি কাম কৰি থকাত মই গৈ সুধিলোঁ― ‘‘ৰমেশ ক’লৈ গ’ল?’’

ককায়েকে ক’লে― ‘‘সি গাঁৱলৈ গৈছে বাবে মই তাৰ ঠাইত বহি আছোঁ নহ’লে আনে দখল কৰিব যে৷’’
মোৰ বৰ ভাল লাগিল ককায়েকৰ কথাখিনি শুনি৷ আৰু দুমাহমানৰ পিছত এদিন দেখিলোঁ ৰমেশ বহা ঠাইত এটা ডেকা ল’ৰাই লঘু সুৰত গান গাই-গাই কাম কৰি আছে৷ মনৰ উলাহত তেওঁক সুধিলোঁ― ‘‘ইয়াত আগতে বহা মানুহজন তোমাৰ কোন হয়?’’

উত্তৰত সি মৃদু হাঁহিৰ চাৱনিৰে ক’লে― ‘‘মেৰা শশুৰজী৷’’

What's Your Reaction?
Excited
0
Happy
0
In Love
0
Not Sure
0
Silly
0
View Comments (0)

Leave a Reply

Your email address will not be published.

Scroll To Top