মা বুলি নামাতিবি



Born and brought up in Guwhati, Rabin had published a…
অসম সংস্কৃতিৰ অন্যতম মূল উপাদান হৈছে বন্ধনৰ অনুভূতি। এই কাহিনীটোত এজন পেহী আৰু তাইৰ ভতিজাৰ মাজত এটা সুন্দৰ বন্ধন দেখুওৱা হৈছে।এই কাহিনীটো বিহু উপলক্ষে থাকিল আমাৰ পঢ়ুৱৈসকলৰ বাবে।
মা বুলি নামাতিবি৷ পেহী মা হ’ব নোৱাৰে…..
আগতে কি হৈছিল.….
আমাৰ ঘৰৰ পানী শোধন কৰা যন্ত্ৰটোৰ বিজুতি হ’লে মোৰ মানুহগৰাকীয়ে ফোন কৰি ল’ৰা এজনক মাতে আৰু ল’ৰাজন আহি প্ৰয়োজনীয় কামখিনি কৰি দিয়ে৷ আজিও দুপৰীয়া মই ভাতৰ পাতত বহোঁতে ল’ৰা এজন পাকঘৰৰপৰা ওলাই অহা দেখিলোঁ৷ ল’ৰাজনে এওঁৰপৰা টকা কেইটামান লৈ ‘খুৰী আহোঁ’ বুলি কৈ ওলাই গ’ল৷ ল’ৰাজন যোৱাৰ পিছত মই ভাত খাই থকা সময়খিনিত এওঁ কাহিনী এটা ক’লে আৰু সেইটোকে আজি ক’বলৈ ওলাইছোঁ৷
‘‘এই যে ল’ৰাজন দেখিলা, তাৰ বয়স এতিয়া ২৫ বছৰ হৈছে৷ গাঁৱৰ ঘৰখনত তাৰ দেউতাক সকলোতকৈ ডাঙৰ, সৎ মানুহ, কৰ্মী, আৰু ভাল খেতিয়ক৷ দেউতাকৰ তলত তিনিজনী পেহীয়েক৷ দুজনীক বিয়া দিয়াৰ পিছত দেউতাকে বিয়া পাতিলে৷ বিয়াৰ দুবছৰ পিছত এই ল’ৰাজনৰ জন্ম হ’ল৷ জন্মৰ পাঁচ মাহৰ পিছত তাৰ মাক প্ৰসূতিজনিত ৰোগত ঢুকাই থাকিল৷ কেঁচুৱাটোৰ জন্মৰপৰা বৌৱেকে অসুখীয়া দেহাটোৰে অকলে লালন-পালন কৰিব নোৱাৰে বাবে পেহীয়েকে দিনটোৰ বেছিভাগ সময় কেঁচুৱাটোৰ লগতে লাগি থাকে৷ দুগ্ধপোষ্য ল’ৰাটোৰ মাক ঢুকুওৱাৰ পিছত স্বভাৱিকভাৱে ডাঙৰ সমস্যা এটাই দেখা দিলে৷ এতিয়া এই কেঁচুৱাটোক খুৱাই-ধুৱাই, ডাঙৰ-দীঘল কেনেকৈ কৰিব, কোনে কৰিব, সেই কথাটোৱে ঘৰখনত বেছি প্ৰাধান্য পালে৷ আইতাকে গাঁৱৰ দুই-চাৰিগৰাকীৰ লগত কেঁচুৱাটোৰ কাৰণে নতুন মাক এজনী অনাৰ চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে৷ কেঁচুৱাৰ মাক ঢুকাবৰ দিনাৰপৰা ফুলকুমলীয়া, মাত্ৰ পোন্ধৰ বছৰীয়া পেহীয়েকে নিজৰ লগতে কেঁচুৱাটোক ৰাখি আন্তৰিকতাৰে চোৱা-চিতা কৰিবলৈ ল’লে৷ বটলত গাখীৰ, লুঠুৰী আদি খুৱাই কেঁচুৱাটোৰ স্বাস্থ্য-পাতিও ধুনীয়া হৈ বৰ মৰমলগা, নোদোকাটো হৈ পৰিল৷ পেহীয়েকে অনবৰতে কেঁচুৱাৰ শুশ্ৰুষাত লাগি থাকিবলগা হোৱা বাবে পঢ়াশুনা বাদ দিলে৷ এনেকৈ দিন-মাহ বাগৰি থাকিল৷
সেইদিনা কেঁচুৱাটোৰ বয়স এবছৰ পূৰ্ণ কৰিলে৷ আইতাকে ঘৰত নাম-প্ৰসঙ্গ এভাগৰ আয়োজন কৰিছে৷ সন্ধিয়া গাঁৱৰ কেইগৰাকীমান মহিলা আহি মাহ-প্ৰসাদ, কল-নাৰিকল আদি ধুইমেলি শৰাই-খৰাহী, আদিত সজাবলৈ আৰম্ভ কৰিছে৷ অলপ সময়ৰ পিছতে সৰহ সংখ্যক মহিলাৰ আগমনৰ লগেলগে নাম-প্ৰসংগ আৰম্ভ হ’ল৷ পেহীয়েকে একোণত বহি কেঁচুৱাটোক বুকুতে আওঁজাই আলফুলে কোচতে বহুৱাই একান্ত মনে গভীৰ কথা কিছুমানৰ উত্তৰ বিচাৰি চকু দুটা মুদি একান্তমনে ভগৱন্তক প্ৰাৰ্থনা জনাই আছে৷ কেঁচুৱাটোৰ সৰু, কোমল হাত দুখন দুহাতেৰে ধৰি নামৰ তালে তালে মৃদুভাৱে চাপৰি বজাই আছে৷ কেঁচুৱাৰ মনত সেইদিনা বৰ স্ফুৰ্তি, মাজে-মাজে কিৰিলি পাৰি সমূহ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে৷
নাম-প্ৰসঙ্গ শেষ হ’ল৷ বিলনীয়াই কাটি থোৱা কলপাতত মাহপ্ৰসাদ বিলাই দিলে ; সকলোৱে একেলগে মাহ-প্ৰসাদ খাই আছে৷ পেহীয়েকে প্ৰসাদৰ কল এচিকুট কেঁচুৱাটোৰ মুখত আঙুলিৰে সুমুৱাই দিলে ; পৰম তৃপ্তিৰে সিও প্ৰসাদৰ ভাগ ল’লে৷
‘‘এতিয়া সকলোৰে প্ৰসাদ খোৱা হ’ল যেতিয়া আমি আমাৰ আলোচনাটো আৰম্ভ কৰোঁহঁক ৰাইজ৷’’ এইবুলি কেঁচুৱাৰ আইতাকে ক’লে৷
সকলো মহিলাই আলোচনাৰ কথাখিনিৰ শেষত নিজৰ-নিজৰ পচন্দ অনুযায়ী দুজনীমান ছোৱালীৰ খবৰো দিলে৷ মহিলাসকলৰ কথাবোৰ শুনি পেহীয়েকে বুজিলে মাকহঁতে ঘৰলৈ নতুন কইনা এজনী আনিবলৈ আগ্ৰহ কৰিছে৷ অতিকে মৰমৰ কেঁচুৱাটোৰ সতিয়া মাক এজনী ঘৰলৈ আনিব, এই কথাটো শুনাৰ পিছত পেহীয়েক আৰু স্থিৰেৰে থাকিব নোৱাৰিলে আৰু মহিলাসমাজে গুণাগথাঁ কৰি থাকোঁতে পেহীয়েকে যিষাৰ কথা বেকত কৰিলে সেই কথা শুনি সকলো আচৰিত হ’ল৷ উপস্থিত সকলোৱে উঠি অহা সুন্দৰী যুৱতীৰ মুখেৰে এনে ভাষ্য শুনিবলৈ অলপো প্ৰস্তুত নাছিল৷
এগৰাকী মহিলাই ক’লে― ‘‘তোৰ ভৱিষ্যতৰ কথা তই চিন্তা নকৰিবি নেকি? তই নকৰিলেও মাৰে কৰিব, তোৰ ককায়েৰে নকৰিব নেকি?’’
পেহীয়েকৰ উত্তৰ : ‘‘নাম-প্ৰসঙ্গ চলি থাকোঁতে মই গভীৰভাৱে ঈশ্বৰক চিন্তি এই সিদ্ধান্তত উপনীত হৈছোঁ আৰু এইটো মোৰ শেষ সিদ্ধান্ত৷ আপোনালোকে অনুগ্ৰহ কৰি মোক জোৰ নকৰিব৷ মই তাক মোৰ বুকুৰ মাজৰপৰা আনৰ ওচৰলৈ যাবলৈ দিব নোৱাৰোঁ৷ এদিন নহয় এদিন ছোৱালীয়ে বিয়াত বহি নিজৰ ঘৰ-সংসাৰ পাতে বুলি মই জানো ; আৰু মই যেনিবা বিয়াতে নবহোঁ৷ ইয়াৰ কাৰণে মই সকলো ত্যাগ কৰিব পাৰোঁ৷ এই এবছৰে ই মোৰ লগত থাকি-থাকি মোৰ কলিজাৰ ভিতৰলৈকে সোমাই গৈছে৷ তাক কোনো এজনী নতুন মাকে আহি মোৰপৰা আঁতৰাই লৈ যাব ; আৰু মৰম কৰে নে খুন্দে ক’ব নোৱাৰো, গতিকে সেইটো হ’ব নোৱাৰে৷’’
উপস্থিত সকলো মহিলাৰ মুখৰ মাত হৰিল৷ নিজৰ ভিতৰতে কিবা আলোচনা কৰি পেহীয়েকৰ মূৰত হাত বুলাই আশীৰ্বাদ দি বিদায় ল’লে৷
পঁচিছ বছৰীয়া ডেকাজনৰ মৰমৰ পেহীয়েকক লৈ বৰ্তমানৰ ভাষ্য― ‘‘বুজিছে খুৰী, পেহীক যেতিয়াৰপৰা মই দেখিছোঁ, মানে মোৰ মনত পৰা দিনৰপৰা তেতিয়াৰ ফ্ৰক পিন্ধা পেহীয়ে এতিয়া মেখেলা-চাদৰ পিন্ধে৷ আজি পেহীৰ বয়স চল্লিছ বছৰ হৈছে, তথাপিও ধুনীয়া হৈয়ে আছে৷ মই জনাত কিমান ধুনীয়া ধুনীয়া চৰকাৰী চাকৰি কৰা ল’ৰাৰ মাকে পেহীক বিয়া পাতি বোৱাৰী কৰি নিবলৈ আগ্ৰহ কৰি আমাৰ ঘৰলৈ আহে, কিন্তু পেহীৰ এক কথা, বিয়াত নবহে৷ ময়ো পেহীক ভীষণ ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ আৰু অসুখ হোৱা বুলি ফোন কৰিলেই ঢপলিয়াই যাওঁ ; অলপ অসুখত কেৰেপ নকৰে।
এদিন মই পেহীক ‘‘মা’’ বুলি মাতিম নেকি বুলি সুধিছিলোঁ৷ পেহীয়ে ধমকৰ সুৰত কৈছিল ‘‘মোক মা বুলি নামাতিবি৷ পেহীয়েৰেও মাকৰ দায়িত্ব ল’ব পাৰেদে৷ মা বুলি মাতিলে গাঁৱৰ ঘৰত একো নহয়, কিন্তু বাহিৰত মা বুলি মাতিলে মোৰ সেন্দুৰ নথকা শিৰৰ বাবে মই বহুতো প্ৰশ্নৰ উত্তৰ দিব লাগিব৷ যেনে― ‘বাপেকটো বৰ কম সময়তে ঢুকাল, ইচ ইচ৷’ এনেকুৱা বহুতো কথাৰ উত্তৰ দি থকাৰ কি প্ৰয়োজন? কোনো দৰ্কাৰ নাই, মা বুলি নামাতিবি৷ পেহী মা হ’ব নোৱাৰে?” পেহীৰ মহান আৰু বিৰল ত্যাগৰ কথা মই জীৱনত পাহৰিব নোৱাৰোঁ খুৰী৷’’
ধন্য তোমাৰ পেহী, ভগৱানে দুয়োকে মঙ্গল কৰক৷
What's Your Reaction?

Born and brought up in Guwhati, Rabin had published a monthly Cartoon and Humour magazine (Abikal) for a long time. In 2006, November he started publishing various books of eminent writers and also wrote 2 books by the name 'Enekuwao Hoi', 'Enekuwao Hoi part 2’ Few of his stories are displayed also in Facebook groups― 'Granth Subash', 'Anuranan___' etc.