ধন্যবাদ জনাবলৈহে নাপালোঁ



Born and brought up in Guwhati, Rabin had published a…
অসমীয়া মানুহ আন ঠাইত দেখি চিনাকি হোৱাৰ প্ৰৱণতা অসমীয়াৰ আছে আৰু এই চিনাকি হোৱাৰ বাবে ডাঙৰ বিপদৰ সময়ত অচিনাকি মানুহৰ সহায় পোৱা ভাগ্যৰ বলতহে হয়। সেই সহায় কৰাজনক ধন্যবাদ এফাকি দিবলৈ নোপোৱা বাবে এই লেখা।
সৰুতে হাফ পেণ্ট পিন্ধি থকা দিনত মোৰ ভৰিত অলপমান আঁচোৰ খাই তেজ ওলালেই সেই ঘা ডাঙৰ হৈ যায় যত্নৰ অভাৱত৷ ঘৰত কোনো ধৰণৰ ঔষধ নাথাকে কিন্তু ঘৰৰ বাহিৰত থকা ক’লা কচুৰ টিপি টিপি উলিওৱা আঠাই আমাৰ সেইদিনৰ কটা-চিঙাৰ মহৌষধ৷ সৰুকৈ পোৱা আঁচোৰৰপৰা কেতিয়াবা বহুদিনলৈ নুশুকুৱা এটা ঘালৈ ৰূপান্তৰিত হৈছিল৷ মোৰ ভৰিৰ এটা নুশুকুৱা ঘা দেখি এদিন মায়ে এটা চৰিয়াত গৰম পানী লৈ তাতে মোৰ ভৰি ভালদৰে ধুৱাই আলফুলে মচি মোক ঠিৰেৰে বহি থাকিবলৈ দিলে৷ মায়ে সৰু পুৰণি ফটাকানি এডোখৰ লৈ পকাই-পকাই সৰুকৈ ৰছী এডাল তৈয়াৰ কৰি তাৰ আগটো মিঠাতেলত তিয়াই জুই লগাই দিলে৷ সেই জুই লাগি থকা ৰছীডালৰ জুইৰ অংশটো মোৰ ঘাডোখৰত খৰকৈ লগাই-লগাই ফুৱাই দিয়ে৷ গেলি থকা ঘাটোৰ পানীখিনিত জুইৰ আঙঠা লাগিলে ‘চেনেট্ চেনেট্’ শব্দ কৰে আৰু মোৰ ধৰফৰণি বাঢ়িবলৈ ধৰে৷ ধমক এটা দি মনে মনে বহি থাকিবলৈ কয়৷ মাৰ ভয়ত মই মনেমনে বহি থাকোঁ৷ ঘাডোখৰত চাই লাগি ক’লা পৰে ঠিকেই কিন্তু লাহে লাহে শুকাবলৈ ধৰে৷ মই মাক শুকাই যোৱাৰ কাৰণ সোধাত মায়ে কয়― ‘‘তোৰ ঘাটোত পোক লাগিছিল, মই কেতাহি পুৰি পোকবোৰ মাৰি দিয়াত তোৰ ঘা শুকাল৷’’ সেই তাহানিতে শুনা ‘‘কেতাহি’’ শব্দটো আজি অভিধান চাইহে লিখিছোঁ৷ আজিৰ যুগত গেলা ঘাত কেতাহি পুৰিব নালাগে, ঔষধ খাই, মলম লগাই ভাল কৰিব পাৰি৷
মই আৰু মোৰ পত্নী দুয়ো পুৰীলৈ গৈছিলোঁ৷ আহিবৰ দিনা সৰু ঘটনা এটা হ’ল৷ এঘাৰ তাৰিখে ৰাতি দহ বাজি দহ মিনিটত আমাৰ ঘৰলৈ অহা ‘পুৰী-কামাখ্যা’ ৰেলখন৷ আঠ বজাৰ আগতে ই-ৰিক্সাৰে আহি ষ্টেচন পালোঁ৷ চুটকেছ দুটা আৰু হাতত লোৱা সৰু মোনা দুখন৷ বস্তুখিনি ৰিক্সাখনৰপৰা নমোৱাৰ লগেলগে এটা ৰঙা চোলা পিন্ধা কুলি আহি মোক সুধিলে― ‘ৰেলত উঠাই দিম, চাৰি শ টকা লাগিব৷’ মই ক’লোঁ― “অহাৰ দিনা ৰেলৰ দবাৰপৰা একেবাৰে টেক্সিলৈ উঠাই দিলে এশ টকাত আৰু তোমাক এইকণ বাটতে টকা চাৰি শ দিব নোৱাৰি, এশ টকা হ’লে লোৱাঁ, নহ’লে নালাগে৷’’ তেওঁ নহ’ব বুলি কৈ সেই ঠাই এৰিলে৷ ময়ো টকা চাৰিশ ৰাহি কৰিবলৈ দুয়োটা চুটকেছ দুহাতে লৈ এওঁক ক’লোঁ― ‘‘হাতত লোৱা মোনা দুটা লৈ মোৰ পিছে পিছে আহি থাকাঁ৷” বহল পদপথেৰে ষ্টেচনলৈ বুলি গৈ আছোঁ৷ ষ্টেচনত জ্বলি থকা ‘ফ্লাড লাইট’ৰ পোহৰত উজ্বলি আছে অঞ্চলটো৷ মানুহৰ যথেষ্ট ভীৰ চুটকেছ দুয়োটা লৈ মই বীৰদৰ্পে খৰখেদাকৈ গৈ থাকোঁতে ভীৰৰ বাবে পদপথটো যে শেষ হৈ তললৈ নামিব লাগে নেদেখি গ’লোঁ নহয় হামখুৰি খায়৷ হাতৰ চুটকেছ হাততে আছে । মই বাওঁ হাতৰ মুঠি মাৰি চুটকেছ ধৰি থকা অৱস্থাতে পৰিলোঁ বাবে বাওঁ হাতৰ মাজৰ আঙুলিটোৰ শেষৰ গাঁঠিটোৰ ওখখিনি সৰু সৰু শিলবোৰত ঘঁহনি খাই এবখলা চেল খাই গ’ল৷ ৮৫ কেজি ওজন মোৰ, লগত দুটা চুটকেছ। মই পৰি যোৱা দেখি দুজনমান ডেকা ল’ৰাই দৌৰি আহি পকামূৰা বুঢ়াটোক মানে মোক তুলিবলৈ যত্ন কৰাৰ আগতে মই নিজেই থিয় হৈ তেওঁলোকক ধন্যবাদ দিলোঁ আৰু লাজতে খৰকৈ খোজ দিলোঁ৷ এওঁ ‘নাৰ্ভাছ’ হৈছে― মই কিয় পৰিলোঁ, কিবা হৈছে নেকি? মই প্ৰভু জগন্নাথলৈ মনতে শতবাৰ প্ৰণাম জনালোঁ৷ হাড় নাভাগিলযে ; নহ’লে ‘হৰয় নহৈ গৰয়’ হ’লহেঁতেন৷ চিকিৎসালয়লৈ যাব লগা নহ’ল। গৈ পালোঁ জিৰণীঘৰটো আৰু এওঁক ক’লোঁ চিন্তা নকৰিবা, একো হোৱা নাই, মাত্ৰ ছাল এৰাই গৈছে৷ জিৰণীঘৰটোৰ সন্মুখতে বৃহৎ আকাৰৰ চিলিং ফেন খনৰ বতাহখিনিয়ে বৰ আৰাম দিছে৷ চুটকেছ দুটা মাটিতে থৈ তাতে বহি হাতৰ ঘাডোখৰ চালোঁ আধা ইঞ্চিতকৈ ডাঙৰকৈ চেল খোৱা বগা মঙহৰপৰা তেজ বিৰিঙি ৰঙা হৈ আছে৷ ওচৰত কোনো পানীৰ ‘টেপ’ দেখা নাপালোঁ বাবে খোৱাপানীৰ বটলৰ পানীৰে ধুই জেপত থকা টিচু পেপাৰেদি তেজখিনি টুকি টুকি মছি দিলোঁ৷ তথাপিও লাহে-লাহে তেজ বিৰিঙি আছে৷ হাতখন টনটনাই আছে৷ ‘বেণ্ড এইড’ এটাৰ প্ৰয়োজন বৰকৈ অনুভৱ কৰিছোঁ কিন্তু এওঁ মোক ফাৰ্মাচি বিচাৰি যাবলৈ নিদিয়ে কাৰণ মই হেৰাই যাবও পাৰোঁ বা আকৌ ক’ৰবাত পৰি যাবও পাৰোঁ৷ দীঘলীয়া যাত্ৰাত ‘ফাৰ্ষ্ট এইড কিট’ এটা লগত যে ৰাখিব লাগে আজি মৰ্মে মৰ্মে উপলব্ধি কৰিলোঁ৷ আগলৈ এনে ভুল নকৰোঁ৷
এনেতে দেখিলোঁ ল’ৰা-ছোৱালীসহ এদল অসমীয়া মহিলা মেখেলা-চাদৰ পিন্ধি আমাৰ সন্মুখতে ভীৰ কৰিলেহি৷ অসমীয়া মানুহ দেখি এওঁ ৰৈ থাকিব নোৱাৰি তেখেতসকলৰ ওচৰ পালেগৈ৷ চিনাকী হৈ কথা পাতি আছে৷ সময় গৈ আছে৷ ঘোষণা হ’লেই কাণপাতি শুনি আছোঁ৷ সেই দলৰে এগৰাকীক দেখিলোঁ ঠেহ ধৰি থকা চাৰি বছৰীয়া মানৰ কেঁচুৱা ছোৱালী এজনীক মাকে কোলাত লৈ ইটো সুধিছে উত্তৰ নাই, সিটো সুধিছে উত্তৰ নাই৷ ছোৱালী থিয় হৈ হৈ আমনি পাইছে চাগে৷ মই কেঁচুৱা নিমাতে থকা দেখি ওচৰলৈ গৈ মুঠি মাৰি ঘাডোখৰ দেখুৱাই ক’লোঁ― ‘দেখিছা, ককা আজি পৰি গ’ল, কিমান দুখ পাইছোঁ৷’ মোৰ তেজ বিৰিঙি থকা বাওঁ হাতখন দেখি ঠেহ কৰি থকা সৰু ছোৱালীজনীয়ে ঠেহ-পেছ পাহৰি একে কোবে মোৰ দুখত সমভাগী হৈ মোকেই সুধিলে― ‘কেনেকে ককা’? মোৰ ঘা দেখি ছোৱালীৰ মাকে মই কেনেকৈ পৰিলোঁ তাৰ গল্প কৈ আছে কেঁচুৱাক নিজে সাজি৷ কেঁচুৱাৰ ঠেহ ভাঙিবলৈ পাই মনটো ভালো লাগিল৷
মই আমাৰ ট্ৰেনখন কোনটো ‘প্লেটফৰ্ম’ত আহিব সেইটো চাবলৈ গৈ অলপ পিছতে ঘূৰি আহি এওঁৰ ওচৰ পাওঁতে দেখিলোঁ ওচৰত কোনো নাই, মহিলাসকলে সেই ঠাই এৰিলে। এওঁ মোক চাৰিটা ‘বেণ্ডএইড’ দি ক’লে― ‘সেই ঠেহ ধৰি থকা ছোৱালীজনীৰ দেউতাকে দি গৈছে৷’ আন্তৰিক ধন্যবাদ জনাবলৈ সেই মহানজন ওচৰত নাই।
বেণ্ডএইডকেইটা দেখি বৰ ডাঙৰ সকাহ পালোঁ৷ কিমানযে প্ৰয়োজন আছিল এই সামান্য বস্তুটোৰ ; কিন্তু আটাইতকৈ বেছি অসন্তোষ পালোঁ সেই মহা উপকাৰী মানুহজনক আকোৱালি ধন্যবাদ এফাঁকি জনাবলৈ নাপালোঁ৷
এই ধৰাত বেয়া মানুহতকৈ ভাল মানুহৰ সংখ্যা অনেক বেছি আছে বাবে আমিবোৰ টিকি আছোঁ৷ এই পাহৰিব নোৱৰা উপকাৰ কৰা সেইজনক আন্তৰিক ধন্যবাদ জনালোঁ৷
ঘাডোখৰ আজিলৈকে ভালকৈ শুকুওৱা নাই ; ক’ৰবাত অলপ খুন্দা খালেই বিষায়৷ এমাহ হ’বৰ হ’ল ; ঔষধ একো খোৱা নাই, মাত্ৰ ‘টি-বেক্ট’ লগাই আছোঁ৷ ‘এণ্টিবায়টিক’ খাবলৈ মন নাই৷ মাৰ কেতাহি পোৰা কথাখিনি মনত পৰিছে ৷
What's Your Reaction?

Born and brought up in Guwhati, Rabin had published a monthly Cartoon and Humour magazine (Abikal) for a long time. In 2006, November he started publishing various books of eminent writers and also wrote 2 books by the name 'Enekuwao Hoi', 'Enekuwao Hoi part 2’ Few of his stories are displayed also in Facebook groups― 'Granth Subash', 'Anuranan___' etc.